Total Pageviews

Friday, November 15, 2019

Jingle Public School organised a Fancy Dress competition with patriotic fervour to mark Children's Day on 14th of November 2019. Student's appeared on the stage in the grab of a National Leader and disseminated their message to the audience. As a promoter of this school its give me immense pleasure to welcoming the parents and all the distinguish guest. The panel of the judges were veteran actor Dulal Bezbaruah, former Prof. of Gauhati University Dr. Archana Sarmah, Associate Prof. of Arya College Dr. Deepika Devi.








Thursday, November 7, 2019

93 বছৰীয়া পূৰণি নলবাৰীৰ নাট্যমন্দিৰত নাট্যকাৰ পৰিচালক অভিনেতা তিলক বৈশ্যৰ ৰচিত আৰু পৰিচালিত নাট " আত্ম চৰিত" উদ্ধোধনৰ মূহুৰ্ত। নলবাৰীৰ নটৰাজ কলা-কেন্দ্ৰৰ ন-পূৰণি শিল্পীসকলে পৰিবেশন কৰা আত্ম চৰিতে নিশ্চিতভাৱে সমাজলৈ ৰ্বাতা বহন কৰিব।

Wednesday, October 30, 2019

নলবাৰী বৰকুৰিহাৰ কালী মন্দিৰ প্ৰাংগনত 44তম শ্ৰী শ্ৰী কালী পূজা উপলক্ষে (29-10-2019) আয়োজিত সাংস্কৃতিক সন্ধিয়া "সুৰৰ এনিশা" উদ্ধোধনৰ কিছু মূহুৰ্ত। ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কি বা কালীৰ আশীষ বৰষক অঞ্চলটোত তাৰেই কামনাৰে।




Tuesday, October 29, 2019

এগৰাকী অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ সৈনিক অৰবিন্দ লহকৰৰ আত্মগাথা "বায়ুসেনাৰ আত্মজীৱনি" আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিকস্বৰূপ গ্ৰন্থ "মোৰ অতীতৰ দলৈগাওঁ (পুঠিমাৰী) খন" গ্ৰন্থদুখনিৰ নলবাৰীৰ দলৈগাওঁত 29-10-2019 তাৰিখে অনুষ্ঠিতহোৱা উন্মোচনী সভাত নিৰ্দিষ্ঠ বক্তা হিচাপে উপস্হিত থাকিবলৈ পাই আনন্দিত অনুভৱ কৰো। নিজৰ কৰ্মজীৱন দেশমাতৃৰহৈ উচ্ছৰ্গা কৰা সৈনিক লিখক অৰবিন্দ লহকৰৰ দিৰ্ঘদিনীয়া কষ্ঠসাধ্য প্ৰচেষ্টাৰ ফচল গ্ৰন্থদুখনক পঢ়ুৱৈ সমাজে আদৰি লৱ বুলি মোৰ বিশ্বাস।





Sunday, October 27, 2019

"তুমি কেনে আছা" কবি, নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ তৃতীয়খন কাব্যগ্ৰন্থৰ 27-10-2019 তাৰিখে নলবাৰীৰ অময়াপূৰত অনুষ্ঠিত উন্মোচনী সভাত অতিথিৰূপে উপস্হিত থাকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আব্দুল মজিদে আঁত ধৰা, ডঃ বিৰেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা, নাট্যজগতৰ ধ্ৰুৱতৰাস্বৰূপ জীৱেশ্বৰ ডেকা, কবি প্ৰনৱ কুমাৰ বৰ্মন, অনুপমা বসুমতাৰী, ধ্ৰুৱজ্যোতি শৰ্মা, মেঘালী হাজৰিকা কাকতী, চিত্ৰশিল্পী অবিনাচ মজুমদাৰ, সংগীতশিল্পী জিতেন শৰ্মাৰ উপস্হিতিত কাব্যগ্ৰন্থখন উন্মোচন কৰে সু-সাহিত্যিক, লিখক, নলবাৰীৰ গৌৰৱ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱে।








Tuesday, October 15, 2019

বৰকুৰিহা, নলবাৰীৰ গোপাল মন্দিৰ প্ৰাংগনত 65তম সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে 15-10-2019 তাৰিখে আয়োজিত ধৰ্মালোচনী সভাত বিশিষ্ঠ অতিথিৰূপে উপস্হিত থাকিবলৈ পাই আনন্দিত হৈছো। বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনিধৰ ডেকাদেৱে পৰিচালনা কৰা সভাত আন এগৰাকী বিশিষ্ঠ অতিথিৰূপে উপস্হিত থকা মহঃ নজৰুল ইছলাম আৰু ৰভা দাতা সোণাবৰ আলী বিভিন্ন ধৰ্মালম্বী লোক যে একতাৰ এনাজৰীৰে বান্ধখাই আছে তাৰেই নিদৰ্শন। আনন্দিত হৈছো বন্ধুবৰ চন্দন কলিতা আৰু শ্ৰদ্ধাৰ দাদা মুকুল কলিতাক একেখন সভাতে বিশিষ্ঠ অতিথিৰূপে পাই।



Monday, October 14, 2019

Wednesday, October 2, 2019

শংকৰদেৱ শিশু নিকেতন, চান্দকুছি, নলবাৰীৰ ৰূপালী জয়ন্তী উপলক্ষে 01-10-2019 তাৰিখে আয়োজিত কাৰ্যসূচিত আমন্ত্ৰিত অতিথি হিচাপে উপস্হিত থাকিবলৈ পায় আনন্দিত অনুভৱ কৰো। নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন দিশত বনোৱা প্ৰকল্পসমূহে তেওঁলোকৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। শংকৰদেৱ শিশু নিকেতনখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

   





Sunday, September 22, 2019

কিছুমান মূহুৰ্তই জীৱনৰ দিক বানিকে সলনি কৰি দিয়ে। মোৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ কিছু মূহুৰ্ত এয়া। অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক মাননীয় অৰুণ সিং ডাঙৰীয়া, সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাদেৱ, বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া, বিজেপিৰ বিভিন্ন জিলাৰ সাংগঠনিক সভাপতি, সম্পাদক আৰু বিষয়ববীয়াৰ উপস্হিতিত গুৱাহাটীৰ PWD Convention & Training প্ৰেখাগৃহত 20-08-2019 তাৰিখে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰো। আগন্তুক সময়ত আপোনালোকৰ আৰ্শীবাদ আৰু শুভাশীষ বিচাৰিছো দলৰ মজিয়াত থাকি জাতিৰ হকে কাম কৰিবৰ বাৱে।



মই পঢ়ি অহা বিদ্যালয়ত 28 বছৰৰ পিছত, এক নষ্ঠালজিক অনুভৱ। গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় ডাঃ ভূপেশ শৰ্মা, প্ৰধান শিহ্মক শ্ৰী যুত কমল মেধি আৰু শিহ্মক শিহ্ময়ত্ৰীৰ উপস্হিতিত 17-08-2019 তাৰিখে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰি যথেষ্ঠ আনন্দ অনুভৱ কৰো। বিদ্যালয় পৰিছালনা সমিতিক ধন্যবাদ জনাইছো মোক আমন্ত্ৰণ জনোৱা বাৱে।




Wednesday, June 5, 2019

মোৰ প্ৰথম গ্ৰন্হ Articles on Business & Economy প্ৰকাশিত হৈছিল 2010 চনৰ 3 ফ্ৰেব্ৰুৱাৰীত শুভ বিবাহৰ দিনা। ইংৰাজী বাতৰি কাকত Assam Tribune আৰু Eastern Chronicle ত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় অৰ্থনীতিৰ আধাৰত লিখা নিৱন্ধ সংকলিত গ্ৰন্হ Articles on Business & Economy ৰ সংশোধিত দ্বিতীয় সংস্কৰণটি প্ৰকাশ কৰি উলিয়াইছে অলিম্পিয়া প্ৰকাশনে 2019 চনত। অলিম্পিয়া প্ৰকাশনলৈ ধন্যবাদ জনালো। কিতাপখন পঢ়ুৱৈ সমাজে আদৰি লৱ বুলি আশা থাকিল।
The anthology english book 'Articles on Business & Economy' 1st edition published 3rd Feb 2010 on my marriage day. I would like to thank Olympia Prakashan whose diligent effort made this 2nd edited version publication possible in 2019. Though my name is on the cover, the book was the effort and encouragement of many different people, all of whom deserve thanks.



Saturday, May 11, 2019

নৱৰূপা যুৱক সংঘৰ সৌজন্যত আয়োজিত মূকলি বিহু প্ৰতিযোগিতাত বিশিষ্ঠা সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু স্মৃতি তৰ্পক হিঢাপে মোক আমত্ৰুণ কৰা বাৱে বিহু কমিটিৰ উদ্যোগতালৈ ধন্যবাদ জনাইছো। 100 বছৰ পূৰণি দূৰ্গা মন্দিৰৰ সমীপত আৰু 100 বছৰ পূৰণি ভানুকুছি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিহুৰ বাকৰিত থিয় হৈ নিজে নষ্টালজিক অনুভৱ কৰিছো কাৰণ এইখন মোৰ জন্ম গাওঁ। জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী।
                              
 
 


Sunday, December 23, 2018

Talk Show at Prag News, 22-12-2018 on Oil Field privatization 

Monday, November 20, 2017

Talk Show at DD Northeast, 21-11-2017 on GST & 23rd GST Council meeting outcome

Saturday, November 11, 2017

Talk Show at DD-North East on 08-11-17 on Demonetization sector-wise affect


Talk Show at Prag News 07-11-17 on Demonetization one year



Friday, November 3, 2017

Talk show at DD-North East on Demonetaization pushing Digitalisation on 04-11-2017

Wednesday, October 11, 2017

Talk Show at Prag News on 10-10-17, Topic: 22 GST Council meeting rate cut 


Friday, August 11, 2017

Talk Show at Prag News, 09-08-2017, Topic: How safe ur money in Bank