Total Pageviews

Monday, April 27, 2020

দিলীপ বৰুৱা ছাৰৰ তৃতীয় মৃত্যু বাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো। গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিতালত খবৰ লবলৈ যাওঁতে ছাৰে কৈছিল "দেৱজিৎ তোমাৰ প্ৰেক্ষাপট উন্মোচনে মোৰ শেষ সভা"। বৰ কৰুণ সেইষাৰ বাক্য। মোৰ পঞ্চমখন গ্ৰন্থ প্ৰেক্ষাপটত তেখেতে লিখা পাতনি আৰু 2017 চনৰ 5 ফেব্ৰুৱাৰীত তেখেতে কৰা উন্মোচনৰ মূহুৰ্ত মোৰ স্মৃতিপটত সদায় যুগমীয়া হৈ ৰৱ।
Deep condolence to Dilip Barua sir on his 3rd death anniversary. When I went to Ayursundra Hospital during his treatment sir told me, "Devajit your book Prekkhapot inauguration my last public appearance meeting". Very heart-felt statement that was. Dilip Barua sir wrote the preface and he inaugurated my 5th book Prekkhapot on 5th of Feb, 2017. All the moment I will remember forever.


Tuesday, April 21, 2020

জন্মদিনত নিজৰ ফটো অজান শিল্পীয়ে তুলিকাৰ যাদুৰে আঁকি দিয়া উপহাৰ যেন এক অমূল্য প্ৰাপ্তি। শিল্পী গুনজিৎ বেজবৰুৱালৈ আন্তৰিক ধন্যবাদ জনাইছো আৰু অনাগত সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।
Words can't explain how I feel about the wonderful and lovely gift you present to me on my Birthday. My deepest appreciation & I will cherish it forever. (Note: Art by Gunajit Bezbaruah whom I don't know and not met so far)

Wednesday, March 11, 2020

বিদ্যালয়ত পঢ়ি থকা সময়ত যিকেইখন ঔপন্যাসে মোক যথেষ্ঠ আকৃষ্ট কৰিছিল, কিতাপ পঢ়াৰ মোৰ মনত বীজ অংকুৰিত কৰিছিল সেইকেইখন হ'ল মহাৰথী, অসীমত যাৰ হেৰাল সীমা, অনুৰাধাৰ দেশ। প্ৰিয় ঔপন্যাস অনুৰাধাৰ দেশৰ ৰচক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীয়ে যোৱা 02-02-2020 তাৰিখে উন্মোচিত মোৰ ষষ্ঠখন গ্ৰন্থ "দৃষ্টিপাত"ৰ ওপৰত গৰীয়সীৰ মাৰ্চ মাহত প্ৰকাশিত সংখ্যাত সমালোচনামূলক লিখনিয়ে মোক অনুভূত কৰাইছে মহাপুৰুষ শংকৰ-মাধৱৰ দিনৰ এষাৰি বাক্য "গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ'। এইছেগতে ফনীন্দ্ৰদাৰ সমালোচনামূলক লিখনিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।


শ্ৰী শ্ৰী কৃষ্ণায় নমঃ সৎসংগী দামোদৰী আলগা সত্ৰৰ সৌজন্যত 39তম সাৰ্ব্বজনীন দৌলযাত্ৰা মহোৎসৱ উপলক্ষে গোপীনাথ বিগ্ৰহ প্ৰাংগন বৰকুৰিহা, নলবাৰীত 8-3-2020 তাৰিখে আয়োজিত স্বৰ্গীয় কৃষ্ণ ৰায়মেধী সোঁৱৰণী নাট্য সন্ধিয়া উদ্ধোধন কৰি সমূহ ভক্তপ্ৰাণ ৰাইজৰ ওপৰত ভগৱান কৃষ্ণৰ আশীষ বৰষক তাৰেই প্ৰাৰ্থনা জনাওঁ।


Happy to be a part as a panelist on discussion "Importance of Agri-Entrepreneurship development in Assam & other North-East States of India" on 2nd of March 2020 at IASST Auditorium, Guwahati. The programme was an initiative of Divine Bliss Society, Kolkata and organized by Dream Buniyad Pvt. Ltd., Assam.

Sunday, February 23, 2020

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক কুলেন্দু পাঠক ছাৰে আমাৰ অসম কাকতত 23-02-2020 তাৰিখে মোৰ ষষ্ঠখন গ্ৰন্থ "দংষ্টিপাত"ৰ ওপৰত আগবঢ়োৱা সমালোচনামলূক লিখনিৰ বাবে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
প্ৰকাশিত আমাৰ অসম 23-02-2020 23-02-2020


Monday, February 3, 2020

মোৰ ষষ্ঠখন গ্ৰন্থ "দৃষ্টিপাত" উন্মোচন 02-02-2020 তাৰিখে। অসম সাহিত্য সভাৰ প্ৰক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰা আৰু বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ উপস্থিতিত দৃষ্টিপাত উন্মোচন কৰে ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীয়ে।








মোৰ ষষ্ঠ গ্ৰন্থ "দৃষ্টিপাত'লৈ যিকেইগৰাকী বৰণ্য বক্তিয়ে শুভেচ্ছা আৰু দিহা-পৰামৰ্শ আগবঢ়ালে তেখেতসকললৈ 
মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
                                 
                           

                             






2017-18 বৰ্ষৰপৰা সমাজৰ বিভিন্নদিশত অৰিহণা যোগাই অহাএগৰাকী বৰেণ্য ব্যক্তিক জিংগল সমিটিয়ে জিংগল বঁটা প্ৰদান কৰি আহিছে। উক্ত বঁটাত মানপত্ৰ, শৰাই আৰু নগদ ধন 15000 টকা আগবঢ়োৱা হয়। জিংগল কমিটিৰ পৃষ্ঠপোষক হিচাপে 2019-20 বৰ্ষত এই বঁটা সাহিত্যিক নিৰুপমা বৰগোহাঞিক আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত।
নলবাৰী বৰকুৰিহাৰ তালুকদাৰ চুবুৰীয়ে আয়োজন কৰা চতুৰ্থ বাৰ্ষিক ভোগালী বিহু উৎসৱত 17-01-2020 তাৰিখে নিৰ্দিষ্ট বক্তাৰূপে উপস্হিত থাকিবলৈ পাই আনন্দিত হওঁ। বিশিষ্ঠ শিক্ষাবিদ ডঃ বিৰেন ডেকাই সঞ্চালনা কৰা সভাখনত বিশিষ্ট অতিথিৰূপে উপস্হিত থাকে নাট্যজগতৰ ভোটাতৰাস্বৰূপ জীৱেশ্বৰ ডেকাই। সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে কুইজ প্ৰতিযোগিতা আয়োজনেৰে প্ৰতিযোগিসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ বাবে উৎযাপন সমিতিক ধন্যবাদ জনাইছো।



2012 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিডাগৰ অধ্যাপক ডঃ নিচাৰ বৰুৱাৰ অধীনত গৱেষণা কৰি মই ডক্তৰেট ডিগ্ৰী লৈছিলো। সাত বছৰৰ পিছত সেই একেটা বিভাগৰ একেজন ছাৰে উঠি অহা গৱেষণাৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক-অধ্যাপিকাক উৎসাহিত কৰিবৰ বাবে প্ৰকাশ কৰিবলৈ পৰিকল্পনা কৰা "Contemporary issues in Assam Economy" নামৰ edited book খনৰ সম্পাদক হিচাপে সম্পাদনা কৰিবলৈ গুৰু দায়িত্ব দিয়ে। গ্ৰন্থখনৰ সফল প্ৰকাশৰ বাবে সকলোৰে সহযোগিতা আশা কৰিলো।

Sunday, November 24, 2019

পশ্চিম উপৰবৰভাগ আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰীৰ আৰিকুছি মিলন হাইস্কুলত অঞ্চলটোৰ দশম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা বিশেষ মেধা পৰীক্ষাৰ পৰীক্ষণ কেন্দ্ৰ পৰিৰ্দশন কৰি (24-11-19) আপ্লুত হওঁ। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগত সংগতি ৰাখি আছুয়ে লোৱা এনে পদক্ষেপ প্ৰশংসনীয়। নিশ্চিতভাৱে পৰীক্ষাৰ্থীসকলক উপকৃত কৰিব।




Friday, November 15, 2019

Jingle Public School organised a Fancy Dress competition with patriotic fervour to mark Children's Day on 14th of November 2019. Student's appeared on the stage in the grab of a National Leader and disseminated their message to the audience. As a promoter of this school its give me immense pleasure to welcoming the parents and all the distinguish guest. The panel of the judges were veteran actor Dulal Bezbaruah, former Prof. of Gauhati University Dr. Archana Sarmah, Associate Prof. of Arya College Dr. Deepika Devi.








Thursday, November 7, 2019

93 বছৰীয়া পূৰণি নলবাৰীৰ নাট্যমন্দিৰত নাট্যকাৰ পৰিচালক অভিনেতা তিলক বৈশ্যৰ ৰচিত আৰু পৰিচালিত নাট " আত্ম চৰিত" উদ্ধোধনৰ মূহুৰ্ত। নলবাৰীৰ নটৰাজ কলা-কেন্দ্ৰৰ ন-পূৰণি শিল্পীসকলে পৰিবেশন কৰা আত্ম চৰিতে নিশ্চিতভাৱে সমাজলৈ ৰ্বাতা বহন কৰিব।

Wednesday, October 30, 2019

নলবাৰী বৰকুৰিহাৰ কালী মন্দিৰ প্ৰাংগনত 44তম শ্ৰী শ্ৰী কালী পূজা উপলক্ষে (29-10-2019) আয়োজিত সাংস্কৃতিক সন্ধিয়া "সুৰৰ এনিশা" উদ্ধোধনৰ কিছু মূহুৰ্ত। ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কি বা কালীৰ আশীষ বৰষক অঞ্চলটোত তাৰেই কামনাৰে।




Tuesday, October 29, 2019

এগৰাকী অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ সৈনিক অৰবিন্দ লহকৰৰ আত্মগাথা "বায়ুসেনাৰ আত্মজীৱনি" আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিকস্বৰূপ গ্ৰন্থ "মোৰ অতীতৰ দলৈগাওঁ (পুঠিমাৰী) খন" গ্ৰন্থদুখনিৰ নলবাৰীৰ দলৈগাওঁত 29-10-2019 তাৰিখে অনুষ্ঠিতহোৱা উন্মোচনী সভাত নিৰ্দিষ্ঠ বক্তা হিচাপে উপস্হিত থাকিবলৈ পাই আনন্দিত অনুভৱ কৰো। নিজৰ কৰ্মজীৱন দেশমাতৃৰহৈ উচ্ছৰ্গা কৰা সৈনিক লিখক অৰবিন্দ লহকৰৰ দিৰ্ঘদিনীয়া কষ্ঠসাধ্য প্ৰচেষ্টাৰ ফচল গ্ৰন্থদুখনক পঢ়ুৱৈ সমাজে আদৰি লৱ বুলি মোৰ বিশ্বাস।





Sunday, October 27, 2019

"তুমি কেনে আছা" কবি, নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ তৃতীয়খন কাব্যগ্ৰন্থৰ 27-10-2019 তাৰিখে নলবাৰীৰ অময়াপূৰত অনুষ্ঠিত উন্মোচনী সভাত অতিথিৰূপে উপস্হিত থাকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আব্দুল মজিদে আঁত ধৰা, ডঃ বিৰেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা, নাট্যজগতৰ ধ্ৰুৱতৰাস্বৰূপ জীৱেশ্বৰ ডেকা, কবি প্ৰনৱ কুমাৰ বৰ্মন, অনুপমা বসুমতাৰী, ধ্ৰুৱজ্যোতি শৰ্মা, মেঘালী হাজৰিকা কাকতী, চিত্ৰশিল্পী অবিনাচ মজুমদাৰ, সংগীতশিল্পী জিতেন শৰ্মাৰ উপস্হিতিত কাব্যগ্ৰন্থখন উন্মোচন কৰে সু-সাহিত্যিক, লিখক, নলবাৰীৰ গৌৰৱ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱে।