Total Pageviews

Wednesday, October 30, 2019

নলবাৰী বৰকুৰিহাৰ কালী মন্দিৰ প্ৰাংগনত 44তম শ্ৰী শ্ৰী কালী পূজা উপলক্ষে (29-10-2019) আয়োজিত সাংস্কৃতিক সন্ধিয়া "সুৰৰ এনিশা" উদ্ধোধনৰ কিছু মূহুৰ্ত। ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কি বা কালীৰ আশীষ বৰষক অঞ্চলটোত তাৰেই কামনাৰে।




Tuesday, October 29, 2019

এগৰাকী অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ সৈনিক অৰবিন্দ লহকৰৰ আত্মগাথা "বায়ুসেনাৰ আত্মজীৱনি" আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিকস্বৰূপ গ্ৰন্থ "মোৰ অতীতৰ দলৈগাওঁ (পুঠিমাৰী) খন" গ্ৰন্থদুখনিৰ নলবাৰীৰ দলৈগাওঁত 29-10-2019 তাৰিখে অনুষ্ঠিতহোৱা উন্মোচনী সভাত নিৰ্দিষ্ঠ বক্তা হিচাপে উপস্হিত থাকিবলৈ পাই আনন্দিত অনুভৱ কৰো। নিজৰ কৰ্মজীৱন দেশমাতৃৰহৈ উচ্ছৰ্গা কৰা সৈনিক লিখক অৰবিন্দ লহকৰৰ দিৰ্ঘদিনীয়া কষ্ঠসাধ্য প্ৰচেষ্টাৰ ফচল গ্ৰন্থদুখনক পঢ়ুৱৈ সমাজে আদৰি লৱ বুলি মোৰ বিশ্বাস।





Sunday, October 27, 2019

"তুমি কেনে আছা" কবি, নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ তৃতীয়খন কাব্যগ্ৰন্থৰ 27-10-2019 তাৰিখে নলবাৰীৰ অময়াপূৰত অনুষ্ঠিত উন্মোচনী সভাত অতিথিৰূপে উপস্হিত থাকিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্যৰ কথা। আব্দুল মজিদে আঁত ধৰা, ডঃ বিৰেন্দ্ৰ নাথ ডেকাই সঞ্চালনা কৰা, নাট্যজগতৰ ধ্ৰুৱতৰাস্বৰূপ জীৱেশ্বৰ ডেকা, কবি প্ৰনৱ কুমাৰ বৰ্মন, অনুপমা বসুমতাৰী, ধ্ৰুৱজ্যোতি শৰ্মা, মেঘালী হাজৰিকা কাকতী, চিত্ৰশিল্পী অবিনাচ মজুমদাৰ, সংগীতশিল্পী জিতেন শৰ্মাৰ উপস্হিতিত কাব্যগ্ৰন্থখন উন্মোচন কৰে সু-সাহিত্যিক, লিখক, নলবাৰীৰ গৌৰৱ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱে।








Tuesday, October 15, 2019

বৰকুৰিহা, নলবাৰীৰ গোপাল মন্দিৰ প্ৰাংগনত 65তম সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে 15-10-2019 তাৰিখে আয়োজিত ধৰ্মালোচনী সভাত বিশিষ্ঠ অতিথিৰূপে উপস্হিত থাকিবলৈ পাই আনন্দিত হৈছো। বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনিধৰ ডেকাদেৱে পৰিচালনা কৰা সভাত আন এগৰাকী বিশিষ্ঠ অতিথিৰূপে উপস্হিত থকা মহঃ নজৰুল ইছলাম আৰু ৰভা দাতা সোণাবৰ আলী বিভিন্ন ধৰ্মালম্বী লোক যে একতাৰ এনাজৰীৰে বান্ধখাই আছে তাৰেই নিদৰ্শন। আনন্দিত হৈছো বন্ধুবৰ চন্দন কলিতা আৰু শ্ৰদ্ধাৰ দাদা মুকুল কলিতাক একেখন সভাতে বিশিষ্ঠ অতিথিৰূপে পাই।



Monday, October 14, 2019

Wednesday, October 2, 2019

শংকৰদেৱ শিশু নিকেতন, চান্দকুছি, নলবাৰীৰ ৰূপালী জয়ন্তী উপলক্ষে 01-10-2019 তাৰিখে আয়োজিত কাৰ্যসূচিত আমন্ত্ৰিত অতিথি হিচাপে উপস্হিত থাকিবলৈ পায় আনন্দিত অনুভৱ কৰো। নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন দিশত বনোৱা প্ৰকল্পসমূহে তেওঁলোকৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। শংকৰদেৱ শিশু নিকেতনখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।