Total Pageviews

Sunday, February 23, 2020

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক কুলেন্দু পাঠক ছাৰে আমাৰ অসম কাকতত 23-02-2020 তাৰিখে মোৰ ষষ্ঠখন গ্ৰন্থ "দংষ্টিপাত"ৰ ওপৰত আগবঢ়োৱা সমালোচনামলূক লিখনিৰ বাবে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
প্ৰকাশিত আমাৰ অসম 23-02-2020 23-02-2020


Monday, February 3, 2020

মোৰ ষষ্ঠখন গ্ৰন্থ "দৃষ্টিপাত" উন্মোচন 02-02-2020 তাৰিখে। অসম সাহিত্য সভাৰ প্ৰক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰা আৰু বিশিষ্টা সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ উপস্থিতিত দৃষ্টিপাত উন্মোচন কৰে ঔপন্যাসিক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীয়ে।








মোৰ ষষ্ঠ গ্ৰন্থ "দৃষ্টিপাত'লৈ যিকেইগৰাকী বৰণ্য বক্তিয়ে শুভেচ্ছা আৰু দিহা-পৰামৰ্শ আগবঢ়ালে তেখেতসকললৈ 
মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো।
                                 
                           

                             






2017-18 বৰ্ষৰপৰা সমাজৰ বিভিন্নদিশত অৰিহণা যোগাই অহাএগৰাকী বৰেণ্য ব্যক্তিক জিংগল সমিটিয়ে জিংগল বঁটা প্ৰদান কৰি আহিছে। উক্ত বঁটাত মানপত্ৰ, শৰাই আৰু নগদ ধন 15000 টকা আগবঢ়োৱা হয়। জিংগল কমিটিৰ পৃষ্ঠপোষক হিচাপে 2019-20 বৰ্ষত এই বঁটা সাহিত্যিক নিৰুপমা বৰগোহাঞিক আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত।
নলবাৰী বৰকুৰিহাৰ তালুকদাৰ চুবুৰীয়ে আয়োজন কৰা চতুৰ্থ বাৰ্ষিক ভোগালী বিহু উৎসৱত 17-01-2020 তাৰিখে নিৰ্দিষ্ট বক্তাৰূপে উপস্হিত থাকিবলৈ পাই আনন্দিত হওঁ। বিশিষ্ঠ শিক্ষাবিদ ডঃ বিৰেন ডেকাই সঞ্চালনা কৰা সভাখনত বিশিষ্ট অতিথিৰূপে উপস্হিত থাকে নাট্যজগতৰ ভোটাতৰাস্বৰূপ জীৱেশ্বৰ ডেকাই। সদৌ অসম ভিত্তিত প্ৰথমবাৰৰ বাবে কুইজ প্ৰতিযোগিতা আয়োজনেৰে প্ৰতিযোগিসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টাৰ বাবে উৎযাপন সমিতিক ধন্যবাদ জনাইছো।



2012 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিডাগৰ অধ্যাপক ডঃ নিচাৰ বৰুৱাৰ অধীনত গৱেষণা কৰি মই ডক্তৰেট ডিগ্ৰী লৈছিলো। সাত বছৰৰ পিছত সেই একেটা বিভাগৰ একেজন ছাৰে উঠি অহা গৱেষণাৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক-অধ্যাপিকাক উৎসাহিত কৰিবৰ বাবে প্ৰকাশ কৰিবলৈ পৰিকল্পনা কৰা "Contemporary issues in Assam Economy" নামৰ edited book খনৰ সম্পাদক হিচাপে সম্পাদনা কৰিবলৈ গুৰু দায়িত্ব দিয়ে। গ্ৰন্থখনৰ সফল প্ৰকাশৰ বাবে সকলোৰে সহযোগিতা আশা কৰিলো।